গুৱাহাটীঃ চিচিটিভি কেমেৰাৰ ফুটেজত বন্দী হোৱা এক চুৰিকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীত। এজন খাকী পোছাক পৰিহিত ব্যক্তিয়ে এটা ব্যক্তিগত কোম্পানীৰ চৌহদৰ পৰা এটা বেগ চুৰি কৰা প্ৰত্যক্ষ হৈছে চিচি টিভি ফুটেজত।
এই ঘটনা সংঘটিত হৈছে বেলতলা চাৰি আলিৰ গুৰুদ্বাৰৰ সমীপত থকা এটা ব্যক্তিগত কোম্পানীৰ চৌহদত। যোৱা ১১ নৱেম্বৰত সংঘটিত এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও খাকী পোছাক পৰিধান কৰা সন্দেহযুক্ত ব্যক্তিজনৰ পৰিচয় উলিয়ালবলৈ সক্ষম হোৱা নাই।
চুৰি হোৱা বেগটো শান্তনু চক্ৰৱৰ্তী নামৰ কোম্পানীৰ এজন কৰ্মচাৰীৰ আছিল বুলি জানিব পৰা গৈছে। শান্তনু চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া মতে বেগটোৰ ভিতৰত তেওঁৰ এটিএম কাৰ্ড, নগদ ৫০০০ টকা আৰু কোম্পানী আৰু ব্যক্তিগত বহু নথিপত্ৰ আছিল। তেওঁ চাহ খাবলৈ বুলি বেগটো থৈ ওলাই যাওঁতেই এই চুৰিকাণ্ড সংঘটিত হয়। পিছত ১২ নৱেম্বৰত তেওঁ চুৰি সন্দৰ্ভত বশিষ্ঠ থানাত এখন এজাহাৰ দাখিল কৰে।