খহি পৰিল আকৌ এটা উজ্বল নক্ষত্ৰ! বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰা আৰু নাই…

79

কালৰূপী কোৰোনাৰ মাজতে ইটোৰ পিছত সিটোকৈ খহি পৰিছে ৰাজ্যৰ উজ্বল নক্ষত্ৰ! সাহিত্যিক, সাংবাদিক তথা কথাশিল্পী হোমেন বৰগোঁহাঞিৰ চিৰ বিদায়ৰ পিছতে এইবাৰ অসমবাসীক কন্দুৱাই চিৰ বিদায় মাগিলে বিশিষ্ট সাবিত্যিক লক্ষ্মীনন্দন বৰাই।

দৈহিক অসুস্থতাৰ বাবে মহানগৰীৰ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ পুৱা ১১.২৯ বজাত পৰলোকপ্ৰাপ্তি ঘটাৰ পিছতে শোকবিহ্বল হৈ পৰে সমগ্ৰ ৰাজ্যবাসী। কলমৰ শক্তিৰে ইতিহাসৰ পাতত নিজৰ নাম সজীৱ কৰি ৰখা প্ৰখ্যাত সাহিত্যিকগৰাকী মধুমেহ, বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল বুলি জনাইছে চিকিৎসকে। অৱশ্যে তেওঁৰ কোভিড ৰিপ’ৰ্ট আছিল নিগেটিভ।

১৯৩১ চনত নগাঁও জিলাৰ হাতীচোংৰ কুজিদাঁহ গাঁৱত জন্মগ্ৰহণ কৰা লক্ষ্মীনন্দন বৰাই তেওঁৰ কালজয়ী উপন্যাস ‘পাতাল ভৈৰৱী’ৰ বাবে ১৯৮৮ চনত লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা। ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনত সভাপতিৰ আসনো শুৱনি কৰিছিল তেওঁ। ২০১৫ চনৰ ২৬ জানুৱাৰীত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল বিশিষ্ট সাহিত্যিকগৰাকীক।

যোৱা ২০ মে’ৰ পৰা হাস্পতালত চিকিৎসাধীন হৈ থকা লক্ষ্মীনন্দন বৰাৰ আজি পুৱাৰ ভাগত স্বাস্থ্যৰ অধিক অৱনতি ঘটে। যাৰ পিছতে সকলোকে কন্দুৱাই চিৰ বিদায় লয় সাহিত্যিকগৰাকীয়ে।