কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন হাইলাকান্দিৰ লালা আৰক্ষী থানাৰ কনিষ্টবল কুঞ্জমোহন সিনহাক।
শনিবাৰে এইগৰাকী আৰক্ষী কনিষ্টবলৰ জিম্মাৰ পৰাই পলায়ন কৰিছিল ম’ষ্ট ৱাণ্টেড কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰীক।
উল্লেখ্য যে, শনিবাৰে হাইলাকান্দি আৰক্ষীয়ে সুতাৰকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল কয়লা মাফিলা আব্দুল আহাদ চৌধুৰীক।
ধৃত কয়লা মাফিয়াজনক স্বাস্থ্য পৰীক্ষাৰ বাবে লালা হাস্পতাললৈ নিয়াৰ পিছত তাত আৰক্ষীৰ চকীত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হয় আব্দুলে।
অৱশ্যে সেই নিশাই প্ৰায় ১.৩০ বজাত হাইলাকান্দি আৰু কৰিমগঞ্জ সীমান্তৰ লক্ষ্মীনগৰ অঞ্চলত আৰক্ষীৰে সংঘৰ্ষত নিহত হয় কয়লা মাফিয়াজন।
ইফালে আৰক্ষীৰ নিৰাপত্তাৰ পিছতো কিদৰে হাস্পতালৰ পৰা অভিযুক্তজনে পলায়ন কৰিবলৈ সক্ষম হ’ল তাক লৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।
যাৰ বাবে সেই সময়ত কৰ্তব্যৰত কনিষ্টবল কুঞ্জমোহন সিনহাক কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন কৰা হয়।
