কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন চৰাইদেউৰ DTO ৰাজীৱ চন্দ্ৰ বৰদলৈক

472

চৰাইদেউঃ বিভাগীয় নিয়ম নামানি কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত নিলম্বন কৰা হ’ল এগৰাকী জিলা পৰিবহণ বিভাগৰ বিষয়াক।

দেওবাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হয় চৰাইদেউৰ জিলা পৰিবহণ বিভাগৰ বিষয়া ৰাজীৱ চন্দ্ৰ বৰদলৈক।

অভিযোগ অনুসৰি, বিভাগীয় নিয়ম নামানি বহিঃৰাজ্যৰ ভুৱা অনুজ্ঞাপত্ৰ বৈধ কৰিছিল ডিটিঅ’ ৰাজীৱ চন্দ্ৰ বৰদলৈয়ে।

ইয়াৰ পিছতে বৰদলৈৰ বিৰুদ্ধে চুবুৰীয়া ৰাজ্যৰ দুষ্ট চক্ৰৰে সম্পৰ্ক থকাৰ অভিযোগো উত্থাপন হয়।

ডিটিঅ’ ৰাজীৱ চন্দ্ৰ বৰদলৈৰ বিৰুদ্ধে উত্থাপিত এনে অভিযোগৰ পিছতে তেওঁক তাৎক্ষণিকভাৱে কৰ্তব্যৰ পৰা নিলম্বন কৰা হয়।