কৰ্ণাল কৃষক প্ৰতিবাদ: প্ৰশাসন আৰু কৃষকৰ মাজত চুক্তি, ন্যায়িক তদন্তৰ লগতে এছডিএমক নিলম্বন

78

২৮ আগষ্টত হাৰিয়ানাৰ কৰ্ণালৰ বাস্তাদা টোলত কৃষকসকলৰ ওপৰত লাঠিচাৰ্জ আৰু এছডিএম আয়ুষ সিনহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণকে ধৰি দাবীক লৈ কৃষক আৰু প্ৰশাসনৰ মাজত চলি থকা সংঘৰ্ষৰ অৱশেষত অন্ত পৰিছে। অতিৰিক্ত মুখ্য সচিব দেৱেন্দ্ৰ সিঙে এই সন্দৰ্ভত কয় যে, সৰ্বসন্মতিক্ৰমে লোৱা সিদ্ধান্তৰ পিছত চৰকাৰে ২৮ আগষ্টৰ ঘটনাটোৰ প্ৰাক্তন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা ন্যায়িক তদন্ত কৰিব। এই তদন্ত এমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব। আনহাতে তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্য্যন্ত প্ৰাক্তন এছডিএম আয়ুষ সিনহাক নিলম্বন কৰা হৈছে।

ইফালে আৰক্ষীৰ লাঠী চার্জত নিহত কৃষক সতীশ কাজলৰ পৰিয়ালৰ দুজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰা হব বুলিও জানিবলৈ দিয়ে অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে। চৰকাৰৰ এই প্ৰতিশ্ৰুতিৰ পিছতে কৰ্ণালত লাঠীচালনাক লৈ চলি থকা আন্দোলনৰ সমাপ্তি ঘোষণা কৰে কৃষক নেতা গুৰনাম সিঙে।

ইয়াৰ পূৰ্বে, শুক্ৰবাৰে নিশালৈকে প্ৰশাসনিক বিষয়া আৰু কৃষকসকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব (এচিএছ) দেৱেন্দ্ৰ সিঙে শুকুৰবাৰে চৰকাৰৰ নিৰ্দেশত কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ কৰ্ণালত উপস্থিত হৈছিল। কৃষকসকলৰ হৈ বৈঠকত বিকেইউৰ হাৰিয়ানা ৰাজ্যিক সভাপতি গুৰনাম সিং চাধুনিকে ধৰি ১৫ জনীয়া সমিতিৰ কৃষক নেতাসকলে অংশগ্ৰহণ কৰে।

প্ৰায় চাৰি ঘণ্টা ধৰি চলা বৈঠকত কৃষকসকলে ভাইৰেল ভিডিঅ’টোত লাঠিচাৰ্জ, বিষয়টোৰ ন্যায়িক তদন্ত, মৃত কৃষক সুশীল কাজলৰ পৰিয়ালক ক্ষতিপূৰণ আৰু চাকৰি প্ৰদান আৰু অন্যান্য গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৃষকসকলক ক্ষতিপূৰণ আদিৰ বিষয়ে উত্থাপন কৰে। আনহাতে, এচিএছ দেৱেন্দ্ৰ সিঙে কৃষকসকলক মতবাদ ত্যাগ কৰি সমস্যাটোৰ ইতিবাচক সমাধানৰ দিশত আগবাঢ়ি যাবলৈ আহ্বান জনায়। এই সন্দৰ্ভত কৃষক নেতাসকলে স্পষ্ট কৰি দিয়ে যে যদি চৰকাৰে বিষয়টোৰ তদন্ত কৰিব বিচাৰে, তেন্তে ন্যায়িক তদন্ত কৰা উচিত। মুখ্য সচিবৰ নিৰ্দেশত ডিচি কাৰ্ণালে চলোৱা তদন্তত কৃষকসকল সন্তুষ্ট নহয় বুলিও মন্তব্য কৰে কৃষকসকলে।

উল্লেখ্য যে, ২৮ আগষ্টত কৃষকসকলে কৰ্ণালত মুখ্যমন্ত্ৰী মনোহৰ লালৰ অধ্যক্ষতাত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ বৈঠকৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিছিল। কিন্তু প্ৰশাসনে চহৰৰ ভিতৰত কৃষকক প্ৰৱেশ কৰাত বাধা প্ৰদান কৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ বাস্তাদা টোলত কৃষকসকল একত্ৰিত হয়। যত আৰক্ষী আৰু কৃষকৰ মাজত সংঘৰ্ষ ঘটে। আৰক্ষীয়ে কৃষকসকলৰ ওপৰত লাঠিচাৰ্জ কৰাত এজন কৃষকৰ মৃত্যু ঘটে। আনহাতে, তেতিয়াৰ এছডিএম আয়ুষ সিনহাৰ লাঠিচাৰ্জৰ আদেশ দিয়াৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে কৃষকৰ মাজত ক্ষোভৰ উদ্গীৰণ ঘটে।