অহা ১০ মে’ত অনুষ্ঠিত হ’বলগীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱা ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও থাকিব।
ভাৰতীয় জনতা পাৰ্টিয়ে বুধবাৰে কৰ্ণাটক ইউনিটৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ১৮ এপ্ৰিল তাৰিখৰ তাৰকা প্ৰচাৰকসকলৰ তালিকা প্ৰকাশ কৰে।
তালিকা অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় মুৰব্বী জগত প্ৰকাশ নাড্ডা, নীতিন গাডকাৰী, নিৰ্মলা সীতাৰমণ, স্মৃতি ইৰাণী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আদিয়ে প্ৰচাৰ চলাব।