কৰিমগঞ্জঃ কৰিমগঞ্জ জিলাত বিপুল পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন বেপাৰী আটক।
নিৰ্দিষ্ট তথ্য অনুসৰি মঙলবাৰে গভীৰ নিশা কৰিমগঞ্জ আৰক্ষীয়ে তালাচী অভিযান চলাই বাজাৰিচেৰা অঞ্চলত এ আৰ-০১ডি-৫৯৯৬ নম্বৰৰ এখন বাহন জব্দ কৰে।
কৰিমগঞ্জ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে কয়, ‘আমি তথ্য লাভ কৰিছো যে, মিজোৰামৰ ফালৰ পৰা নিচাযুক্ত দ্ৰব্য কঢ়িয়াই অনা এখন বাহন আহিছিল আৰু আমি লগে লগে একাধিক স্থানত নাকা চেকিং স্থাপন কৰিলোঁ। আমি গাড়ীখন আটক কৰিছিলোঁ আৰু তালাচী অভিযানৰ সময়ত ৩-৪টা গোপন চেম্বাৰ পাইছিলোঁ আৰু গাড়ীখনৰ পৰা ২.০১ কেজি হেৰ’ইন আৰু ৫০ হাজাৰ ইয়াবা টেবলেট থকা ১৩১টা চাবোনৰ কেচ উদ্ধাৰ কৰিছিলোঁ।”
লগতে তেওঁ কয় যে কবীৰ আহমেদ আৰু গোপেন্দ্ৰ দাস নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে।
জব্দ কৰা ড্ৰাগছৰ বজাৰ মূল্য ২০ কোটি টকা।
এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত আছে।
