কৰিমগঞ্জত যুৱতীৰ মৃতদেহ উদ্ধাৰ, ধৰ্ষণ কৰি হত্যাৰ সন্দেহ

274

দেওবাৰে কৰিমগঞ্জ জিলাৰ এখন পথাৰত মৃত অৱস্থাত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ।

মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

নিহত পাথাৰকান্দিৰ কচুবাৰী অঞ্চলৰ পঞ্চমী সিনহা (৩০) বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি শনিবাৰে সন্ধিয়া ফুৰিবলৈ যোৱাৰ পিছতে নিৰুদ্দেশ হৈছিল পঞ্চমী।

মৃতদেহটো থানালৈ লৈ যায়।

আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰি মৃত মহিলাগৰাকীৰ সৈতে লিবু সিনহা নামৰ এজন লোকৰ প্ৰেমৰ সম্পৰ্কৰ কথা পোহৰলৈ আহে।

তেওঁলোকে জনোৱা মতে, পঞ্চমীৰ পৰিয়ালে তেওঁৰ বাবে আন এজন পুৰুষৰ সৈতে বিয়াৰ ব্যৱস্থা কৰিছিল যদিও, তেওঁই নাকচ কৰিছিল। পিছত তেওঁ গম পালে যে লিবু সিনহাৰ আন এগৰাকী মহিলাৰ লগত প্ৰেমৰ সম্পৰ্ক আছে যাৰ ফলত সিহঁতৰ মাজত বিবাদ হয়।

শনিবাৰে সন্ধিয়া লিবুৱে পঞ্চমীক লগ কৰিবলৈ কয় আৰু তেতিয়াৰ পৰা মহিলাগৰাকী নিৰুদ্দেশ হৈ পৰে।

পঞ্চমীৰ পৰিয়ালে গোটেই অঞ্চলটো তালাচী চলাইছিল যদিও ক’তো বিচাৰি নাপালে। পিছদিনা ৰাতিপুৱা পথাৰত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে এই গোচৰৰ সৈতে জড়িত লিবু সিনহাক গ্ৰেপ্তাৰ কৰিছে।

এই ঘটনাই অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।

এই ভয়ংকৰ ঘটনাৰ পিছতে কৰা তথ্য লাভ কৰাৰ পিছতে স্থানীয় ৰাইজে পথাৰকান্দি আৰক্ষী থানাৰ আশে-পাশে সমবেত হৈ দোষীক গ্ৰেপ্তাৰৰ দাবী জনাই “লিবুক মৃত্যুদণ্ড দিয়ক’ বুলি শ্ল’গান দিয়ে।