কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজত হোটেল ব্যৱসায়ী, নাট্যকাৰ, সমজকর্মী ৰঞ্জিত দাসৰ সুন্দৰ নিদৰ্শন

62

ভাৰতত কৰ’না ভাইৰাছৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনত সন্মুখৰ শাৰীত থকা প্ৰতিৰোধকাৰী, অসহায় হৈ পৰা ঘৰুৱা আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যটক আৰু জৰুৰীকালীন সেৱাত নিয়োজিত কৰ্মচাৰীসকললৈ সকলো ক্ষেত্ৰৰ লোকসকলে অভূতপূৰ্ব সহায় আগবঢ়াইছে। এই ক্ষেত্ৰত গুৱাহাটীৰ হোটেল ব্যৱসায়ী তথা লেখক, নাট্যকাৰ, আৰু সমাজকর্মী ৰঞ্জিত দাসে দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে। সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ হোটেল খনৰ দুৱাৰ কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ মুকলি কৰি দিয়ে। লক ডাউননৰ ফলত ভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰা লোকসকলক অসম চৰকাৰে আৰ্থিক সহায় প্ৰদান আৰু তেওঁলোকক ঘৰলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে। ইফালে ৰঞ্জিত দাসে দৈনিক দুবাৰ অসহায় লোকসকলক খাদ্যৰ যোগান ধৰি সহায় কৰি আছে। ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিহত কৰাৰ অৰ্থে কোৱাৰেণ্টাইনৰ প্ৰতি ইচ্ছুক সকলে যাতে তেওঁৰ হোটেলত একো অসুবিধা নোহোৱাকৈ থাকিব পাৰে, সেই ক্ষেত্ৰত অয়’ হোটেলছ এণ্ড হ’মছৰ তত্বাৱধানত ৰঞ্জিত দাসে হোটেলৰ প্ৰতিজন কৰ্মচাৰীৰ পৰা সহযোগিতা আদায় কৰিবলৈ সক্ষম হয়। “অয়’৪৫১৮ হোটেল পৰশুৰাম”ৰ গৰাকী ৰঞ্জিত দাসে এই সন্দৰ্ভত কয়,” সকলো ক্ষেত্ৰতে ন’ভেল ক’ৰোনা ভাইৰাছে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ক’ভিড -১৯ ৰ সময়ত আমি জানিছিলোঁ যে অদূৰ ভৱিষ্যতে আমাৰ আতিথ্য সেৱা উদ্যোগটো সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা উদ্যোগ সমূহৰ ভিতৰতে পৰিব।সেয়ে মোৰ হোটেলৰ ওচৰে-পাজৰে বসবাস কৰি অহা বহু প্ৰব্রজিত শ্ৰমিকৰ এই সময়ছোৱাত দুৰ্দশা দেখি তেওঁলোকৰ বাবে কিবা এটা কৰাৰ ইচ্ছা মোৰ জাগি উঠে। তেতিয়াৰে পৰা মই ১০০ ৰো অধিক লোকক খাদ্য আৰু ৰেচন আগবঢ়াই আহিছো। তেওঁ লগতে কয়”-মোৰ হোটেলত ৰাজস্থানৰ কোটাৰ পৰা ঘূৰি অহা শিক্ষাৰ্থীকল কোৱাৰেণ্টাইনত আছে। অসম চৰকাৰৰ সহযোগত এই শিক্ষাৰ্থী সকলক আমাৰ হোটেলত ৰখাৰ ব্যৱস্থা কৰা হয়। হোটেল খনত চিকিৎসক নাৰ্চ, আৰু ফ্ৰণ্ট লাইন কৰ্মচাৰী সকলো থকাৰ বাবে সকলো সময়তে যাতে চেনিটাইজাৰ মাস্ক আদি মজুত থাকে সেয়া মই নিশ্চিত কৰিছোঁ। মই গভীৰ ভাৱে বিশ্বাস কৰো যে মোৰ দেশ, মোৰ কৰ্মচাৰী আৰু মোৰ অতিথি সকল আন কোনো ব্যৱসায়িক লাভ-লোকচানতকৈ উৰ্দ্ধত। সকলো একত্ৰিত হৈ পাৰস্পৰিক সহায়ৰ হাত আগবঢ়োৱাটো সময়ৰ আহ্বান আৰু এই বিনম্ৰ প্ৰচেষ্টাৰ অংশীদাৰ হোৱা অয়’ টীমৰ প্ৰতি মোৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছো।