কৰ’নাত আক্ৰান্তৰ সংস্পৰ্শলৈ আহাৰ সন্দেহ, জি এম চি এইছৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰ সহ বহুকেইজন চিকিত্‍সকক কৰা হৈছে কোৱাৰেণ্টাইন

56

ষ্টাফ ৰিপোৰ্টাৰ : ৰাজ্যত শেহতীয়াকৈ আকৌ ভয়াৱহ ৰূপ লৈছে কৰ’না ভাইৰাছে। বৃহস্পতিবাৰে নিশা গুৱাহাটীত চাৰিগৰাকী কৰ’নাত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পিছতে তীব্ৰ আতংকই বিৰাজ কৰিছে গুৱাহাটী মহানগৰীত। গুৱাহাটীত নতুনকৈ কোৰোণাত আক্ৰান্ত হোৱা কেইগৰাকীৰ ভিতৰত আছে জি এম চি এইছৰ এগৰাকী চিকিত্‍সক।

আনহাতে কৰ’নাত আক্ৰান্ত হোৱাৰ সন্দেহত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰ সহ বহু কেইজন চিকিত্‍সক কৰা হৈছে কোৱাৰেণ্টাইন। লগতে চিকিত্‍সা মহাবিদ্য়ালয়খনৰ প্ৰশাসনৰ লগত জড়িত বহু কৰ্মচাৰীকো কৰা হৈছে কোৱাৰেণ্টাইন। আজি বিয়লিলৈ তেওঁলোকৰ কোৰোণা পৰীক্ষাৰ ৰিজাল্ট অহাৰ সম্ভাৱনা। এই কথা সংবাদমেলত জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য , গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ কৰ’নাত আক্ৰান্ত চিকিত্‍সকগৰাকীৰ নাম ডা০ লিথিকেশ । ঘৰ দাক্ষিণাত্যত। বৰ্তমান গুৱাহাটী চিকিত্‍সা মহাবিদ্য়ালয়ৰ পি জি দ্বিতীয় ষান্মাষিকৰ ছাত্ৰ। ডা০ লিথিকেশৰ দেহত ২৭ এপ্ৰিলৰ পৰাই কোৰোণাৰ লক্ষণে দেখা দিছিল। ৩০ এপ্ৰিলত তেওঁ আনকি গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত এটা ৱৰ্কশ্বপতো অংশগ্ৰহণ কৰিছিল। আনকি  কোৰোণাৰ স্ক্ৰীনিং টেষ্টো কৰিছিল চিকিত্‍সকগৰাকীয়ে। জি এম চি এ ইছৰ এক নং ছাত্ৰাবাসত আছিল আৰু পাঁচ নং ছাত্ৰাবাসতো আহাৰ গ্ৰহণ কৰিছিল। চিকিত্‍সকজনৰ দেহত কৰ’না ধৰা পৰাৰ পিছত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো চিকিত্‍সকৰ কৰ’নাৰ টেষ্ট কৰা হৈছে। আজি নিশাৰ ভিতৰত টেষ্টৰ ৰিপৰ্ট অহাৰ সম্ভাৱনা। আনহাতে বৰ্তমান এতিয়া ১ নং আৰু ৫ নং হোষ্টেলক কণ্টেনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।