কয়লা কেলেংকাৰী: ED ৰ কাৰ্যালয়ত উপস্থিত অভিষেক বেনাৰ্জী

135

কয়লা কেলেংকাৰী সন্দৰ্ভত সোধা পোছাৰ বাবে মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীক ইডি য়ে চমন জাৰি কৰাৰ পিছতে আজি দিল্লীস্থ ইডিৰ কাৰ্যালয়ত উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ নেতাগৰাকী। উল্লেখ্য যে, কয়লা কেলেংকাৰীৰ তদন্তৰ ভাৰ লাভ কৰাৰ পিছত অভিষেক বেনাৰ্জীক দ্বিতীয়বাৰৰ বাবে মাতি পঠিয়াইছিল ইডিয়ে।

ইফালে এই কেলেংকাৰী সন্দৰ্ভত অভিষেকৰ পত্নী ৰুজিৰা নাৰুলাকো চমন জাৰি কৰা হৈছিল যদিও দিল্লীলৈ যাবলৈ অস্বীকাৰ কৰে তেওঁ। সৰু লৰা-ছোৱালীক এৰি তেওঁ দিল্লীলৈ যাব নোৱাৰে বুলি মন্তব্য কৰে।

আনহাতে দিল্লীত উপস্থিত হোৱাৰ পিছত অভিষেক বেনাৰ্জীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, ”যিকোনো তদন্তৰ সন্মুখীন হ’বলৈ সাজু। মই তদন্তত সহযোগিতা কৰিবলৈ আহিছোঁ। দেশৰ মানুহে ঘটি থকা সকলোবোৰ চাই আছে।” তেওঁ লগতে কয়, ‘এয়া এক সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ। যদি মোক কৰবাত অভিযুক্ত হিচাপে প্ৰমানিত কৰিব পাৰে, তেন্তে ৰাজনীতি ত্যাগ কৰিম। কিছুমানে কয় ১০০ কোটি কেলেংকাৰী, কিছুমানে কয় ১০০০ কোটি। মই কওঁ প্ৰমাণ কৰক যে ১০ পইচাও দুৰ্নীতি কৰিছোঁ। নিজে ফাঁচিকাঠত উলমিবলৈ সাজু।”