ক্ৰমাৎ ভয়ংকৰ হৈছে অসমৰ বান পৰিস্থিতি! ভাৰতীয় সেনাৰ সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত

131

অসামৰিক প্ৰশাসনৰ সমন্বয়ত গজৰাজ কৰ্পছ অৱ ইণ্ডিয়ান আৰ্মীয়ে অসমত বান সাহায্য অভিযান আৰম্ভ কৰিছে।

অসমৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰচণ্ড বৰষুণৰ পিছত স্থানীয় প্ৰশাসনৰ সৈতে সমন্বয় সাধন কৰি দিনে-নিশাই গজৰাজ কৰ্পছৰ ৯টা কম্পোজিট টাম ক্ষিপ্ৰতাৰে মুকলি কৰি বানাক্ৰান্ত জিলা বাক্সা, নলবাৰী, বজালী, দৰং, তামুলপুৰ, হোজাই আৰু কামৰূপত সহায্য অভিযান আৰম্ভ কৰিছে।

স্থানীয় প্ৰশাসনৰ অনুৰোধত সাহায্য আৰু উদ্ধাৰৰ বাবে অভিযন্তা আৰু চিকিৎসা কৰ্মীক অন্তৰ্ভুক্ত কৰা স্তম্ভসমূহত সংগঠিত কৰা হৈছিল বুলি এএনআইয়ে প্ৰকাশ কৰিছে।

নলবাৰী জিলাত ষ্টেণ্ডবাইত থকা ভাৰতীয় সেনাৰ গোটবোৰে দ্ৰুতগতিত সাঠিকুছি গাঁৱত উপস্থিত হৈ আবদ্ধ হৈ থকা ১০৫ জন স্থানীয় লোকক উদ্ধাৰ কৰে। একে সময়তে গজৰাজ কৰ্পছৰ আন এটা গোটে বাক্সা জিলাৰ ধমধমাত সাহায্য অভিযান চলাই স্থানীয় লোকসকলক সহায় কৰে।

৬খন জিলাত সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে বুলি সেনাই প্ৰকাশ কৰিছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি বানপানীৰ ফলত অসমত আৰু ৯জন লোকৰ মৃত্যু হোৱাত সামগ্ৰিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা ৫৪জনলৈ বৃদ্ধি পাইছে।

বান পৰিস্থিতিত ২৮খন জিলাৰ ১৮.৯৪ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে বুলি বান বুলেটিনত উল্লেখ কৰা হৈছে।

অসমৰ হোজাই, নলবাৰী, বজালী, ধুবুৰী, কামৰূপ, কোকৰাঝাৰ, শোণিতপুৰ জিলাৰ পৰা মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

এতিয়ালৈকে ৰাজ্যৰ ৫৪ জন লোকে চলিত বৰ্ষত বানপানী আৰু ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে এতিয়ালৈকে। ৰাজ্যৰ তথ্য অনুসৰি বৰ্তমান ৯৬টা ৰাজহ চক্ৰৰ অন্তৰ্গত ২৯৩০খন গাঁও পানীৰ তলত আছে।

বানপীড়িত জিলাকেইখনৰ ৪৩৩৩৮.৩৯ হেক্টৰ শস্য ভূমি বানপানীত ডুব গৈছে। ৰাজ্যৰ বহু ঠাইত বেকী, মানস, পাগলাদিয়া, পুঠিমাৰী, জিয়া ভৰালী, কপিলী আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বিপন্ন স্তৰৰ চিহ্নৰ ওপৰেৰে বৈ গৈ আছে বুলি এ এছ ডি এম এৰ বুলেটিনত প্ৰকাশ পাইছে।

জিলা প্ৰশাসনে স্থাপন কৰা ৩৭৩টা সাহায্য শিবিৰত বৰ্তমান ১,০৮,১০৪ জন বানাক্ৰান্ত লোকে আশ্ৰয় লৈ আছে। ইয়াৰে কেৱল বজালী জিলাতে ৩.৫৫ লাখ লোক আক্ৰান্ত হৈছে তাৰ পিছতে দৰংত ২.৯০ লাখ, গোৱালপাৰাত ১.৮৪ লাখ, বৰপেটাত ১.৬৯ লাখ, নলবাৰীত ১.২৩ লাখ, কামৰূপত ১.১৯ লাখ আৰু হোজাই জিলাত ১.০৫ লাখ লোক আক্ৰান্ত হৈছে।