ক্ষেত্ৰীত ৰে’লৰ খুন্দাত নিহত দম্পতী

284

ক্ষেত্ৰীৰ উলুবামত শোকাবহ ঘটনা।

ৰে’লৰ প্ৰচণ্ড খুন্দাত নিহত এহাল দম্পতী।

নামনি মুৱা কলং কপিলী এক্সপ্ৰেছৰ খুন্দাত নিহত হয় পতি–পত্নীহাল।

নিহত দম্পতীহালক ক্ষেত্ৰীৰ ২নং সেনাবৰৰ ৰাজীৱ পাহাৰীয়া ওৰফে টেটুন আৰু চন্দ্ৰমা ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে।

অৱশ্যে এয়া আত্মহত্যা নে দুৰ্ঘটনা সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।