দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’চি)ক শনিবাৰৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে।
নিলম্বিত অ’চিজনৰ নাম নিতাই চন্দ্ৰ ৰায়।
তেওঁৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি কিছুমান নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে তেওঁক নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে।
বিষয়াজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ পোহৰলৈ অহাৰ পাছতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
