ডিজিটেল ডেস্ক:- মহাৰাষ্ট্ৰৰ শাসকীয় এনচিপি দলৰ এজন বিধায়ক কোভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে৷ NCP বিধায়ক ভাৰত ভলকে কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷
চোলাপুৰ জিলাৰ পান্ধাৰপুৰ-মঙলভেদা বিধানসভা সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা ভাৰত ভলকেৰ ৬০ বছৰ বয়সত মৃত্যু হয়৷ নবেম্বৰ মাহৰ প্ৰথম সপ্তাহত ভৰ্তি কৰা হৈছিল হস্পিতালত৷
