ডিজিটেল ডেস্কঃ মহামাৰী কোৰোনাৰ সন্ত্ৰাস অব্যাহত আছে সমগ্ৰ বিশ্বত৷ বৰ্তমানলৈকে সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰাৰ বিপৰীতে আক্ৰান্ত হৈছে ২ কোটিৰো অধিক লোক৷ ইফালে কোভিড-১৯ৰ আতংকৰ ফলত কেইবাখনো ৰাষ্ট্ৰই ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত বিশ্ব অৰ্থনীতিতো ইয়াৰ ভয়াবহ প্ৰভাৱ পৰিছে৷
বিশ্ব স্বাস্থ্য সংস্থাই সদৰি কৰা তথ্যানুসৰি, সমগ্ৰ বিশ্ব আজিৰ দিন পৰ্যন্ত ২০,৪৩৬,০৪০ জন লোক আক্ৰান্ত হৈছে ক’ৰোনাত৷ ইয়াৰ ভিতৰত ১৩,৭২৮,৯৮৩ জন ক’ৰোনা সুস্থ হোৱাৰ বিপৰীতে ৭,৪৭,৮৬৩ জন লোকৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে৷
ইফালে যোৱা ২৪ ঘন্টাত কৰোনাত আক্ৰান্ত হৈছে ৬,৩৫৯,১৯৪ জন লোক৷ ইয়াৰে ৬,২৯৪,৫৯৯ জন ৰোগীৰ অৱস্থা সংকটমুক্ত হোৱাৰ বিপৰীতে ৬৪,৫৯৫ জনৰ ৰোগী অৱস্থা অধিক সংকটজনক৷