কোৰোনাৰ সংক্ৰমণক লৈ প্ৰধানমন্ত্ৰীক সমালোচনা ৰাহুল গান্ধীৰ, লিখিলে- যদি এই পৰিস্থিতি প্ৰধানমন্ত্ৰীৰ নিয়ন্ত্ৰণাধীন, তেন্তে…

63

ডিজিটেল ডেস্কঃ ভাৰতত ক্ৰমাৎ বৃদ্ধি পোৱা কোৰোনা ভাইৰাছৰ সংক্ৰমণক পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ বৃহস্পতিবাৰে তেওঁ টুইটত ভাৰতত বিগত সময়ৰ কোৰোনা ভাইৰাছৰ এক ৰেখাচিত্ৰ প্ৰকাশ কৰে৷ য’ত এই কথা স্পষ্ট হৈ পৰিছে যে বিশ্বৰ সৰ্বাধিক কোৰোনা ভাইৰাছত প্ৰভাৱিত দেশৰ তালিকাত শীৰ্ষ দ্বিতীয় স্থানৰ দিশে আগবাঢ়িছে ভাৰত৷

প্ৰণিধানযোগ্য যে, ভাৰতত প্ৰতিদিনে ৫০-৬০ হাজাৰ লোক আক্ৰান্ত হৈছে কোৰোনাত৷ স্বাস্থ্য মন্ত্ৰণালয়ে বৃহস্পতিবাৰে পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত ২৩,৯৬,৬৩৭ জন লোক এই মূহুৰ্তলৈ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৬৬,৯৯৯ টা নতুন সংক্ৰমণ পোহৰলৈ আহিছে৷ আনহাতে বিশ্বৰ ভিতৰত সৰ্বাধিক কোৰোনা আক্ৰান্ত আমেৰিকা আৰু ব্ৰাজিলৰ পিছতে ভাৰতত সৰ্বাধিক সংক্ৰমণ ঘটিছে৷

এনে পৰিপ্ৰেক্ষিততে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ তথা সাংসদ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি ছ’চিয়েল মিডিয়াত লিখিছে যে যদি এই পৰিস্থিতি প্ৰধানমন্ত্ৰী মোডীৰ দ্বাৰা নিয়ন্ত্ৰিত পৰিস্থিতি, তেন্তে ‘বেয়া পৰিস্থিতি’ বুলি কাক কোৱা হ’ব?