কোৰোনাৰ মাজতে কেৰালাত জীকা ভাইৰাছৰ আতংক, ১৪ জন আক্ৰান্ত

97

কোৰোনাৰ ভয়াবহতাৰ মাজতে কেৰালাত দেখা দিছে জীকা ভাইৰাছৰ আতংকই। ৰাজ্যখনত ইতিমধ্যে ১৪ গৰাকী লোকৰ দেহত জীকা ভাইৰাছ পোৱা গৈছে। ইফালে এই ভাইৰাছত আক্ৰান্ত হৈ এগকাৰী মহিলাৰ মৃত্যু ঘটা বুলিও ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে।

আনফালে কোভিড নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা লকডাউন শিথিল কৰাৰ পিছতে পুনৰ কোৰোনাই ভয়াবহ ৰূপ ধাৰণ কৰিছে কেৰালাত। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত প্ৰায় ১৪ হাজাৰ লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ১৩০ জন ৰোগীৰ।

কোৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে পুনৰ লকডাউন ঘোষণা কৰাৰ পোষকতা কৰিছে। উল্লেখ্য যে, কেৰালাত বিগত সপ্তাহত কোৰোনাৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পিছতে ব্যৱসায়িক প্ৰতিষ্ঠান, যান-বাহনৰ চলাচলত অনুমতি প্ৰদান কৰিছিল চৰকাৰে।