কোৰোনাৰ পৰা সুস্থ হৈ উঠা ১৫ শতাংশ ৰোগী আক্ৰান্ত হৈছে ডায়বেটিছত

67

কোৰোনাত আক্ৰান্ত হৈ সুস্থ হোৱা সকলৰ বিষয়ে পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। শেহতীয়া এক গৱেষণা মতে, কোৰোনাৰ পৰা সুস্থ হৈ উঠা ১৫ শতাংশ ৰোগী পৰৱৰ্তী সময়ত মধুমেহৰ দৰে ৰোগত আক্ৰান্ত হৈছে। চিকিৎসা বিজ্ঞানীয়ে এই বিস্ফোৰক তথ্য প্ৰকাশ কৰাৰ পিছতে এতিয়া কোভিড ৰোগীৰ মাজত আন এক আতংকই গা কৰি উঠা পৰিলক্ষিত হৈছে।

গৱেষণা অনুসৰি, ১৫ শতাংশ ৰোগী, যি কোভিড মহামাৰীক প্ৰতিহত কৰি ঘৰলৈ উভতিবলৈ সক্ষম হৈছে তেওঁলোক কোভিড আক্ৰান্ত হোৱাৰ পূৰ্বে মধুমেহত আক্ৰান্ত হোৱা নাছিল। কিন্তু তেওঁলোক সুস্থ হৈ উঠাৰ পিছত কৰা স্বাস্থ্য পৰীক্ষাত এইসকল ধৰা পৰিছে মধুমেহ ৰোগ।