কোৰোনাত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ বিধায়ক লেহোৰাম বড়োৰ

152

কোৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে ৰাজ্যৰ দ্বিতীয়গৰাকী বিধায়কে। তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা ইউপিপিএলৰ হৈ প্ৰথমবাৰলৈ নিৰ্বাচিত হোৱা লেহোৰাম বড়োৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।

কোৰোনাত আক্ৰান্ত হৈ জিএমচিএইছত চিকিৎসাধীন হৈ থকা লেহোৰাম বড়োৰ স্বাস্থ্য কালিৰে পৰা অধিক অসুস্থ হৈ পৰিছিল। চিকিৎসকৰ অনেক প্ৰচেষ্টাৰ পিছতো আজি পুৱা বিধায়কগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

বিধায়ক লেহোৰাম বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ অসংখ্য গুণমুগ্ধই।