কোৰোনাত আক্ৰান্ত হৈ বহিঃৰাজ্যত মৃত্যু অসমীয়া যুৱকৰ

55

কোৰোনাত আক্ৰান্ত হৈ বহিঃৰাজ্যত মৃত্যুক সাৱটি ল’লে অসমীয়া যুৱকে। মহাৰাষ্ট্ৰত কৰ্মৰত হৈ থকা বাক্সা জিলাৰ মুছলপুৰৰ ভালাগুৰীৰ সত্যেন্দ্ক কুমাৰ দাস নামৰ যুৱকজন কিছুদিন পূৰ্বে কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। কিন্তু বুধবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে যুৱকজনৰ। কোভিড পৰিস্থিতিৰ বাবে মহাৰাষ্ট্ৰতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হৈছে বুলি জানিব পৰা গৈছে।