কোৰোনাত আক্ৰান্ত ক্ৰিকেটাৰ ক্ৰুনাল পাণ্ডিয়াঃ পিছুৱাই দিয়া হ’ল ভাৰত-শ্ৰীলংকাৰ টি-২০ খেল

111

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটাৰ ক্ৰুনাল পাণ্ডিয়া কোৰোনাত আক্ৰান্ত হোৱাৰ পিছতে এদিনৰ বাবে পিছুৱাই দিয়া হ’ল ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হবলগীয়া টি-২০ খেল।

জানিব পৰা মতে, ভাৰতীয় স্পীনাৰ ক্ৰুনাল পাণ্ডিয়াৰ স্বাস্থ্য পৰীক্ষাত কোভিড পজিটিভ ধৰা পৰাৰ পিছতে ভাৰতীয় দলটোৰ আটাইকেইজন খেলুৱৈক আইছ’লেশ্যনলৈ প্ৰেৰণ কৰা হয়। অৱশ্যে বাকী খেলুৱৈসকলৰ স্বাস্থ্য পৰীক্ষাত কোভিড ৰিজাল্ট নিগেটিভ আহে।

ইফালে কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি সন্ধিয়া অনুষ্ঠিত হবলগীয়া ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন টি-২০ খেল বাতিল কৰি এদিন পিছুৱাই দিয়া হৈছে। এই খেলখন বুধবাৰে অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে।