অসম আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়া কোভিড পজিটিভ। দুলীয়াজানৰ আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশ লোৱাৰ পিছত কোৰোণাত আক্ৰান্ত হৈছে কেইবাজনো বিষয়া।
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথ কোভিডত আক্রান্ত হৈছে। আক্রান্ত হৈছে গোৱালপাৰাৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী পি, শদিয়াৰ আৰক্ষী অধীক্ষক মোহন লাল মীনা, CIDৰ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী, বাক্সাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, শোণিতপুৰৰ SP ড° ধনঞ্জয় পৰশুৰাম ঘনৱাট, ডিফুৰ DIG CR সত্যৰাজ হাজৰিকা।
লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত ৰাজখোৱাও আক্ৰান্ত ৷ ইয়াৰ ভিতৰত কেইজনৰ দেহত অমিক্রণ হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে।
