কোভিড বিধি কঠোৰভাৱে বলবৎ কৰাৰ বাবে উপায়ুক্তৰ নিৰ্দেশ

63

ৰাজ্যৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো কোৰোনা ৰোগীৰ সংখ্যা পুনৰ বৃদ্ধি পাবলৈ ধৰাত উদ্বিগ্ন হৈ পৰা জিলা প্ৰশাসনে আজি এখন জৰুৰী বৈঠকত মিলিত হয়। বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰতিটো ৰাজহ চক্ৰতে অন্ততঃ একোটাকৈ কোভিড কেয়াৰ চেন্টাৰ স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয়। সাধাৰণ লক্ষণযুক্ত কোভিড ৰোগীক এনে শুশ্ৰুষা কেন্দ্ৰত ৰখাৰ ব্যৱস্থা কৰা হ’ব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

উল্লেখযোগ্য যে পূৰ্বেও এনে অস্থায়ী কোভিড কেয়াৰ চেন্টাৰ স্থাপন কৰা হৈছিল যদিও পিছত পৰিস্থিতিৰ উন্নতি হোৱাত সেইবোৰ বন্ধ কৰি দিয়া হয়। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰীয়াৰ উপৰি অতিৰিক্ত উপায়ুক্ত সকল আৰু চক্ৰ বিষয়া সকল, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, মুখ্য স্বাস্থ্য বিষয়া, অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া, জিলা প্ৰতিষেধক বিষয়া, খণ্ড স্বাস্থ্য বিষয়া, ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ কোভিডৰ নোডেল বিষয়া ডা: সুৰেশ শৰ্মা আদিও উপস্থিত থাকে।

সভাত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কৰোনাৰ প্ৰতিষেধক প্ৰদানৰ লগতে দৈনিক পৰীক্ষা কাৰ্য‌ও তীব্ৰতৰ কৰি তুলিবলৈ স্বাস্থ্য বিষয়া সকলক নিৰ্দেশ দিয়ে। তাৰ বাবে যাবতীয় সকলো সহায়- সহযোগ আগবঢ়োৱাৰ তেওঁ আশ্বাস দিয়ে। তদুপৰি ৰাজ্য চৰকাৰে শেহতীয়া ভাৱে ধাৰ্য কৰা কোভিড নিয়মাৱলী কঠোৰভাৱে বলবৎ কৰাৰ বাবে তেওঁ চক্ৰ বিষয়া সকলক নিৰ্দেশ দিয়ে।