কোভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান বৃন্দাবন চুপাৰ মাৰ্টৰ

66

কোভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে বৃন্দাবন চুপাৰ মাৰ্টে। কণ্ঠশিল্পী জুবিন গাৰ্গৰ পৰিচালনতা গঢ় লৈ উঠা ব্যৱসায়িক প্ৰতিষ্ঠান বৃন্দাবন চুপাৰ মাৰ্টে মঙলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে এক লাখ টকাৰ চেকখন।

মুখ্যমন্ত্ৰীৰ হাতত কোভিড প্ৰতিৰোধী যুঁজৰ বাবে আগবঢ়োৱা অনুদানৰ সময়ত উপস্থিত থাকে জুবিন গাৰ্গৰ লগতে তেওঁৰ দুই সহযোগী গণেশ ৰায় মেধি আৰু জয়ন্ত কাকতি।