কোভিড প্ৰটকল ভংগকাৰীৰ ওপৰত কঠোৰ হৈছে প্ৰশাসন, মৰাণত মাস্ক নিপিন্ধা লোকক বিহা হৈছে জৰিমনা

105

মহামাৰী কোভিডে এতিয়া ৰাজ্যত কাল ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনাই কোভিড আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে। ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া বৃহত্তৰ মৰাণতো কোভিডৰ আক্ৰান্ত সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে। ইতিমধ্যে বৃহত্তৰ মৰাণ অঞ্চলত ৫৫০ গৰাকী কোভিডত আক্ৰান্ত হোৱাৰ লগতে পাঁচ জনে কোভিডত প্ৰাণ হেৰুৱাইছে।

এনে পৰিস্থিতিত মৰাণৰ স্থানীয় প্ৰশাসনে ৰাইজক বাৰে বাৰে কোভিড প্ৰটকল মানি চলিবলৈ আহ্বান জনাই আহিছে যদিও এতিয়াও একাংশ লোক কোভিডক লৈ সজাগ নোহোৱা পৰিলক্ষিত হৈছে। আজি মৰাণৰ মাজ মজিয়াত কোভিড প্ৰটকল ভংগকাৰী তথা মাস্ক নিপিন্ধাকৈ ঘূৰি থকা লোকক মৰাণ আৰক্ষীয়ে জৰিমনা বিহা পৰিলক্ষিত হয়।