কোভিডৰ দুয়োপালি ভেকচিন নোলোৱা সকলৰ বাবে আজিৰে পৰা সম্পূৰ্ণ লকডাউন

92

কোভিড ভেকচিন নোলোৱা সকলৰ বাবে আজিৰে পৰা হ’ব সম্পূৰ্ণ লকডাউন। ১৫ জানুৱাৰীৰ পৰা ভেকচিনৰ দুয়োপালি গ্ৰহণ নকৰা সকলৰ বাবে জাৰি কৰা হৈছে কোঠৰ নিষেধাজ্ঞা।

শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভেকচিন গ্ৰহণ নকৰাসকলৰ বাবে প্ৰশাসন কঠোৰ হ’ব বুলি সকিয়নী প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভেকচিনৰ দুয়োপালি গ্ৰহণ নকৰা সকলে আনকি এতিয়াৰে পৰা চৰকাৰী কাৰ্যালয় কিম্বা ৰাজহুৱা স্থানলৈও যাব নোৱাৰিব।

কি কি কৰিব নোৱাৰিব কোৰোণাৰ দুয়োটা ডোজ সম্পূৰ্ণ নকৰা লোকেঃ

হোটেল, চিনেমা হল, চৰকাৰী কাৰ্যালয় আদি কোনো ৰাজহুৱা স্থানতে ভেকচিন নোলোৱা মানুহ সোমাব নোৱাৰিব।

কেৱল হাস্পতালহে ভেকচিন নোলোৱা মানুহ আহিব পাৰিব।

ৰাজহুৱা প্ৰতিষ্ঠানত ভেকচিন নোলোৱা মানুহ সোমালে কৰ্তৃপক্ষই ২৫ হাজাৰ টকাৰ জৰিমনাৰ সন্মুখীন হ’ব।

হোটেল, ৰেষ্টুৰেণ্ট আৰু চৰকাৰী কাৰ্যালয় আহিবলৈ হ’লে দুই পালি ভেকছিন ল’বই লাগিব ৷ দুই পালি ভেকছিন লোৱাসকলে চাৰ্টিফিকেট দেখুৱাইহে প্ৰৱেশ কৰিব লাগিব।

চৰকাৰী কৰ্মচাৰী যিসকলে ভেকচিন লোৱা নাই, সেইসকলে ১৫ জানুৱাৰীৰ পিছত কাৰ্যালয়লৈ আহিব নোৱাৰিব।

ভেকচিন নোলোৱা লোক উঠিব নোৱাৰিব যিকোনো ৰাজহুৱা গাড়ীত। গাড়ীত উঠাৰ পূৰ্বে দেখুৱাব লাগিব কোৰোণাৰ ভেকচিন লোৱা চাৰ্টিফিকেট।