কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক ৫০হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা দিল্লী চৰকাৰৰ

76

কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ পৰিয়ালৰ আৰ্থিক সহায়ৰ বাবে আজি মুখ্যমন্ত্ৰী কোভিড-১৯ পৰিয়াল আৰ্থিক সহায়তা যোজনাৰ অধীনত এটা ই-পৰ্টেলৰ মুকলি কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ভিডিঅ’ কনফাৰেন্সযোগে এই পৰ্টেলটো মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দিল্লীৰ যিসকল পৰিয়ালে পৰিয়ালৰ মূল উপাৰ্জনকাৰীক কোভিডৰ ফলত হেৰুৱাইছে, বা আন কোনো পৰিয়ালৰ সদস্যক হেৰুৱাইছে তেওঁলোকে আৰ্থিক সহায়ৰ বাবে এই প’ৰ্টেলযোগে আবেদন কৰিব পাৰিব। পৰৱৰ্তী সময়ত দিল্লী চৰকাৰৰ কৰ্মচাৰী তেনে পৰিয়ালৰ ঘৰে ঘৰে গৈ যাৱতীয় কাম-কাজ সম্পন্ন কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে।

তেওঁ কয় যে যিসকল পৰিয়ালে ঘৰৰ মূল উপাৰ্জনকাৰীক হেৰুৱাইছে, তেওঁলোকক দিল্লী চৰকাৰৰ তৰফৰ পৰা ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হব। আনহাতে যিসকল শিশুৱে কোভিডৰ বাবে নিজৰ পিতৃ-মাতৃক হেৰুৱাইছে, বা পিতৃ-মাতৃৰ কোনোবা এজনক হেৰুৱাইছে, তেনে শিশুক প্ৰতিমাহে ২৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।