কোভিডক লৈ একাংশৰ ভেঙুচালিঃ নিপিন্ধে মাস্ক, নামানে সামাজিক দূৰত্ব

112

পৱন নীল কাশ্যপ, কমলপুৰঃ মহামাৰী কোৰোনাৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাইছে। সমগ্ৰ দেশৰ লগতে অসমতো ভয়াবহ হাৰত প্ৰতিদিনে ঘটিছে সংক্ৰমণ। এনে পৰিস্থিতিত কোভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে নীতিৃ-নিৰ্দেশনা বান্ধি দিছে। সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পৰিধান কৰাটোও বাধ্যতামূলক কৰি দিয়া হৈছে।

কিন্তু তাৰ পিছতো একাংশ অসচেতন লোকৰ বাবে এতিয়া ৰাজ্যত কোভিড সংক্ৰমণ অধিক ভয়াবহ হোৱাৰ আশংকা বৃদ্ধি পাইছে। কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত ৰাইজআলি আঞ্চলিক বজাৰত আজি একাংশ লোকে সামাজিক দূৰত্ব নামানি, লগতে মাস্ক নিপিন্ধাকৈ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। অৱশেষত উপায় বিহিন হৈ প্ৰশাসনৰ লোক আহি বজাৰ বন্ধ কৰিবলৈ বাধ্য হয়।