কোকৰাঝাৰ জিলাৰ ছালাকাটি থানাৰ অন্তৰ্গত ক্ষুদ্ৰ বাসুগাঁওত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে কালিপুখুৰীৰ ক্ষুদ্ৰ বাসুগাঁওৰ প্ৰদীপ ৰায়(৩৭) নামৰ লোকজনক হত্যা কৰি পুখুৰীৰ পাৰৰ জংঘলৰ মাজত মৃতদেহটো পেলাই থৈ যায়। গৰু বান্ধিবলৈ গৈ স্থানীয় খেতিয়কে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। মুহুৰ্তৰ ভিতৰতে সমগ্ৰ ঘটনাটো বিয়পি পৰাত মৃতদেহ প্ৰত্যক্ষ কৰিবলৈ অঞ্চলটোত লোকে লোকৰাণ্য হৈ পৰে। কালিপুখুৰীৰ ক্ষুদ্ৰ বাসুগাঁওত এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু সমগ্ৰ এলেকাতে সৰস্বতী পূজাৰ আনন্দ ম্লান হৈ পৰিছে ।
প্ৰাপ্ত বাতৰি অনুসৰি ক্ষুদ্ৰ বাসুগাঁওৰ প্ৰদীপ ৰায়(৩৭) ১৫ ফেব্ৰুৱাৰীৰ দিনা শিমলাগুৰী গণেশ পূজাৰ পৰাই নিখোজ হয়। আজি ৰাতিপুৱা গৰু বান্ধিবলৈ গৈ স্থানীয় ৰাইজে কনক ৰায়ৰ পুখুৰীৰ পাৰত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা প্ৰদীপ ৰায়ক কোনে কি কাৰণত হত্যা কৰিলে সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই। ঘাটকে প্ৰদীপ ৰায়ক হত্যা কৰাৰ পূৰ্বে পথাৰত চোচৰাই লৈ ফুৰাৰ স্পষ্ট চিন আছে মৃতদেহত। সন্দেহ কৰা অনুসৰি, ঘাটকে ডিঙি চেপি প্ৰদীপ ৰায়ক হত্যা কৰিছে। হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ স্থানীয় গাঁৱৱাসীয়ে দাবী জনাইছে।
ইপিনে উক্ত ঘটনাক কঠোৰ ভাষাৰে গৰিহণা প্ৰকাশ কৰিছে আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মনে। শান্তিপুৰ্ণ অঞ্চলটোত অশান্তি বিয়পোৱা চক্ৰক গৰিহণা দি হিতেশ্বৰ বৰ্মনে প্ৰদীপ ৰায়ৰ হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে। তদুপৰি মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰি মৃতকৰ পৰিয়াললৈ এককালীন সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে হিতেশ্বৰ বৰ্মনে।
