কোকৰাঝাৰ জিলাৰ ধলমাৰা অঞ্চলৰ এটা মছজিদ সোমবাৰে দুস্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰাক লৈ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
খবৰ অনুসৰি, দুষ্কৃতিকাৰীয়ে পানীৰ টেপ ভাঙি, শিলগুটি আৰু ইটা নিক্ষেপ কৰি মছজিদটো ভাঙি পেলোৱাৰ ফলত মছজিদটোৰ সম্পত্তিৰ বহু ক্ষতিসাধন হয়।
ঘটনাৰ পিছতে মছজিদ চৌহদত বহু লোক সমবেত হৈছে।
ইফালে, কোকৰাঝাৰ আৰক্ষী থানাৰ বিষয়াসকলে ধলমাৰাৰ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আৰক্ষীয়ে এতিয়ালৈকে দুষ্কৃতিকাৰীক চিনাক্ত কৰিব পৰা নাই বা কি কাৰণত ভাঙি-ছিঙি সংঘটিত হৈছে সেয়া চিনাক্ত কৰিব পৰা নাই।
আৰক্ষীয়ে অৱশ্যে সন্দেহ কৰিছে যে অঞ্চলটোৰ শান্তি বিঘ্নিত কৰিব বিচৰা একাংশ লোকে এই ঘটনা কৰিছে।
