কেৰালাত পুনৰ লকডাউন ঘোষণা…

96

ডিজিটেল ডেস্কঃ কোভিড সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কেৰালাত দুদিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে ৰাজ্য চৰকাৰখনে। উল্লেখ্য যে, ক্ৰমাগতভাৱে বৃদ্ধি পাই থকা কেৰালাৰ কোভিড সংক্ৰমণৰ হাৰে চিন্তাত পেলাইছে চৰকাৰক। লকডাউন শিথিল কৰাৰ পিছতে ৰাজ্যখনত ক্ৰমে বৃদ্ধি পাবলৈ ধৰে কোভিড সংক্ৰমণ।

তেনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈকে পুনৰ দুদিনৰ লকডাউন জাৰি কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰখনে। কেৰেলাৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এক সংবাদ মেল সম্বোধন কৰি এই লকডাউন ঘোষণা কৰে। লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰতিষ্ঠান, যেনে- ফাৰ্মাচী, ফল-মূলৰ দোকান, গাখীৰৰ ব্যৱসায় আদি খোলা থকাৰ বিপৰীতে অন্য সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তথা যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলিও জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।