কেবিনেটৰ সিদ্ধান্তই অসমীয়া জাতিক ধ্বংস কৰিব

81

ষ্টাফৰিপৰ্টাৰ, অসম চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপনৰ নতুন নীতি কেতিয়াও গ্ৰহণযোগ্য নহয়। এই নীতিৰ ফলত সমগ্ৰ অসমীয়া জাতিক ধ্বংসৰ মুখলৈ ঠেলি দিছে। আমাৰ দুখীয়া কৃষকৰ ভূমি বাহিৰাগত বনিয়াৰ হাতত বিনাদ্বিধাই চমজাই দিয়াৰ যি চক্ৰান্ত বিজেপি শাসনাধীন চৰকাৰ খনে কৰিছে এই ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নহ’ব বুলি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে সংবাদ মাধ্যমৰ আগত গভীৰ ক্ষোভেৰে কয়। এইখন চৰকাৰে অসমীয়া জাতিৰ ওপৰত বলপূৰ্বক ভাৱে কা ৰ দৰে আইন জাপি দিয়াৰ পিছত এতিয়া কৃষকৰ হাতত থকা নূন্যতম কৃষি ভূমি খিনিও কাঢ়ি নিয়াৰ ব্যৱস্থা কৰিলে। এই খন চৰকাৰ কেতিয়াও কল্যানকামী চৰকাৰ নহয় বুলি দাসে মন্তব্য কৰে। লকডাউনৰ অচিলা লৈ প্ৰতিবাদী কন্ঠক পনবন্দী কৰি কিমান দিন ৰাখিব পাৰিব বুলি দাসে প্ৰশ্ন কৰে।