কেন্দ্ৰীয় কেবিনেটে কন্যাৰ বিবাহৰ বয়স ১৮ ৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত সমৰ্থন জনাইছে। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত প্ৰস্তাৱটো গৃহীত হয়। কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ আইন সংশোধনৰ বাবে সংসদত এটা প্ৰস্তাৱ উত্থাপন কৰিব। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ১৫ আগষ্টত লালকিল্লাৰ পৰা দিয়া ভাষণত উল্লেখ কৰে যে ছোৱালীৰ বিবাহৰ বয়স ২১ বছৰ হ’ব লাগে। তেওঁ কৈছিল যে ছোৱালীবোৰক পুষ্টিহীনতাৰ পৰা সুৰক্ষিত কৰিবলৈ, তেওঁলোকে সঠিক সময়ত বিবাহ কৰাটো প্ৰয়োজনীয়।
বৰ্তমানৰ আইন অনুসৰি, দেশত পুৰুষৰ বিবাহৰ নিম্নতম বয়স হৈছে ২১ বছৰ আৰু মহিলাৰ বয়স ১৮ বছৰ। কিন্তু চৰকাৰে এতিয়া মহিলাসকলক শক্তিশালী কৰাৰ বাবে বিবাহৰ বয়স বৃদ্ধি কৰাৰ কথা বিবেচনা কৰি আছে। চৰকাৰে বাল্য বিবাহ প্ৰতিৰোধ আইন, বিশেষ বিবাহ আইন আৰু হিন্দু বিবাহ আইন সংশোধন কৰিব।
প্ৰণিধানযোগ্য যে, চৰকাৰে ২০২০ চনৰ জুন মাহত এই সন্দৰ্ভত এটা টাস্ক ফ’ৰ্চও গঠন কৰিছিল। টাস্ক ফৰ্চে একে বছৰতে বিবাহৰ বয়স বৃদ্ধিৰ প্ৰস্তাৱৰ ওপৰত প্ৰতিবেদন দাখিল কৰিছিল। এই প্ৰতিবেদন দাখিল কৰিছিল সমতা পাৰ্টিৰ প্ৰাক্তন সদস্য আৰু টাস্ক ফ’ৰ্চৰ মুৰব্বী জয়া জেটলীয়ে। মহিলাসকলক শক্তিশালী কৰাৰ উদ্দেশ্যৰেই গ্ৰহণ কৰা হৈছিল এই পদক্ষেপ।
টাস্ক ফৰ্চে কৈছিল যে প্ৰথম সন্তান জন্ম দিয়াৰ সময়ত ছোৱালীবোৰৰ বয়স ২১ বছৰ হ’ব লাগে। বিবাহত পলম হোৱাৰ ফলত পৰিয়াল, মহিলা, শিশু আৰু সমাজৰ অৰ্থনৈতিক, সামাজিক আৰু স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে।
