আইদুল হুছেইন, নলবাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ ৭ বছৰৰ সফলতাৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে আজি নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে মাস্ক, চেনিটাইছাৰ বিতৰণ কৰে।
উল্লেখযোগ্য যে, ভাৰতীয় জনতা পাৰ্টীৰ আজি এই বৰ্ষপূৰ্তি উপলক্ষে নলবাৰী জিলাৰ ৭১খন গাঁৱত খাদ্য সামগ্ৰী বিতৰণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে আৰু সমগ্র অসমৰ লগতে নলবাৰীও ড্ৰাগছ মুক্ত হোৱাৰ লগতে গৰু চিণ্ডকেট বন্ধ হ’ব বুলি মত প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই। আজি এই অনুষ্ঠানত বিধায়ক গৰাকীৰ লগত উপস্থিত থাকে নলবাৰী জিলাৰ উপায়ুক্ত গীতিমনি ফুকন, ভাৰতীয় জনতা পাৰ্টি জিলা সভাপতি মৃগাংক তালুকদাৰ তথা দলৰ বিভিন্ন কৰ্মী।
