কেন্দ্ৰই বন্ধ কৰিছে ৬.৬ লাখ ছিম কাৰ্ড। বন্ধ কৰিছে ১.৩২ লাখ IMEI নম্বৰ। দেশত ক্ৰমবৰ্ধিত চাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবে এই পদক্ষেপ। ৰাজ্যসভাত গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী বান্দি সঞ্জয় কুমাৰে সদৰী কৰিছে এই তথ্য। বহিঃৰাষ্ট্ৰৰ সন্দেহজনক মোবাইল ফোন বন্ধ কৰাৰ বাবে লৈছে বিশেষ পদক্ষেপ। কেন্দ্ৰ আৰু টেলিকম ছাৰ্ভিচ প্ৰ’ভাইডাৰে লৈছে বিশেষ ব্যৱস্থা। ৯.৯৪ লাখ চাইবাৰ অভিযোগো লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। যথাবিহিত ব্যৱস্থাৰে ৩,৪৩১ কোটি টকা সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে কেন্দ্ৰীয় চৰকাৰ।