কেন্দ্রীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে উন্মোচন কৰিলে এমাজ’নৰ ৰপ্তানি ডাইজেষ্ট ২০২০

83

ষ্টাফৰিপ’ৰ্টাৰ,,২০ জুলাই।। ভাৰত চৰকাৰৰ পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এমাজ’ন ইণ্ডিয়া এক্সপৰ্ট ডাইজেষ্ট ২০২০ মুকলি কৰে যি, এইটো শক্তিশালীভাৱে পুষ্টি কৰে যে, ৰপ্তানি বঢ়োৱা এমএছএমই খণ্ডৰ দ্ৰুত পুনৰুদ্ধাৰৰ চাবিকাঠি ।মুকলিৰ সময়ত এমাজনে ঘোষণা কৰিছে যে,এমাজন গ্লবেল ছেলিং প্ৰগ্ৰামত ভাৰতীয় বিক্রেতাৰ মাধ্যমেৰে সঞ্চয়ী ৰপ্তানি দুই বিলিয়ন ডলাৰ মাইলখুঁটি অতিক্ৰম কৰিছে। জানুৱাৰী ২০২০ এমাজ’নে ২০২৫ লৈ সঞ্চয়ী ৰপ্তানিত ১০ বিলিয়ন ডলাৰ সক্ষম কৰাৰ প্ৰতিশ্ৰুতি দিছিল, যাৰ ফলত ভাৰতীয় ব্যৱসায়ীক বিশ্বজুৰি অনলাইন বিক্রী কৰাত সহায়ক হৈছে। এমাজন গ্লবেল ছেলিং আজি আমেৰিকা, বৃটেইন, ইউএই, কানাডা,মেক্সিকো, জাৰ্মানী, ইটালী, ফ্ৰান্স, স্পেইন, নেডাৰলেণ্ড, তুৰ্কী, জাপান, অষ্ট্ৰেলিয়া, আৰু ছিংগাপুৰ আদিৰ দৰে দেশত ইয়াৰ ১৫ খন আন্তৰাষ্ট্ৰীয় ৱেবছাইটৰ মাধ্যমেৰে ৬০,০০০ ৰো অধিক ভাৰতীয় ৰপ্তানিক বিশ্বজুৰি গ্ৰাহকক ‘মেড ইন ইণ্ডিয়া’ সামগ্রী বিক্ৰী কৰিবলৈ সক্ষম কৰে। এই সন্দৰ্ভত নীতিশ গাডকাৰীয়ে কয়”-মই সেই সকলো এমএছএমইক শুভেচ্ছা জনাব বিচাৰো, যি সকলে এমাজনৰ লগত তেওঁলোকৰ স্থানীয়ভাৱে নিৰ্মিত সামগ্ৰীক বিশ্বজুৰি গ্ৰহণ কৰাৰ বাবে কাম কৰি আছে। এমএছএমই খণ্ড এক প্রধান ৰোজগাৰ নিৰ্মাতা আৰু ভাৰতীয় অৰ্থ ব্যৱস্থাৰ মেৰুদণ্ড, যিয়ে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনত ২৮ শতাংশ আৰু দেশৰ ৰপ্তানিত প্ৰায় ৪৮ শতাংশ অৰিহণা যোগাইছে”। আনহাতে এই সন্দৰ্ভত এমাজন ইণ্ডিয়াৰ জ্যেষ্ঠ উপ-সভাপতি কাণ্ট্ৰি মুৰব্বী অমিত আগৰৱালে কয়”-আমি ভাৰতীয় এমএছএমই আৰু এমাজ’ন গ্লবেল ছেলিং ব্ৰেণ্ডৰ দ্ৰুত বৃদ্ধিৰে উৎসাহিত। ভাৰতৰ পৰা সঞ্চয়ী ৰপ্তানিৰ দুই বিলিয়ন ডলাৰ মাইলৰ খুঁটি অতিক্ৰম কৰাৰ বাবে কাৰ্যক্ৰমক ১ বিলিয়ন ডলাৰ হিট কৰাৰ বাবে তিনিবছৰ লাগিছে আৰু পৰৱৰ্তী ১৮ মাহতকৈ কম সময়ত ১ বিলিয়ন ডলাৰকৈ উপনীত হ’বলৈ ১০০ শতাংশ বাঢ়িছে। আমি এমএছএমইৰ বাবে এই শক্তিশালী আধাৰ বনাবলৈ উৎসাহিত যাতে তেওঁলোকে তেওঁলোকৰ ৰপ্তানি ক্ষমতাৰ অনুভৱ কৰিব পাৰে আৰু আত্মনির্ভৰ ভাৰতৰ দৰ্শনত অৰিহণা যোগাব পাৰে”। আনহাতে নেচাৰবাইব বোটানিকেলচৰ প্ৰতিষ্ঠাপক আৰু চিইঅ’ ঋষভ চৌখানিয়ে এই সন্দৰ্ভত কয়”-আমাৰ বাবে ই বিশ্বজুৰি গ্ৰাহকক পোনপটীয়াকৈ বিক্ৰী কৰাৰ এক ৰণনীতিক সিদ্ধান্ত আছিল আৰু এমাজ’ন গ্লবেল ছেলিঙে আমাৰ শীঘ্ৰে আৰম্ভ কৰিবলৈ এক সঠিক চেনেল প্ৰদান কৰিছে”।উল্লেখযোগ্য যে, এমাজ’নৰ বাৰ্ষিক ৰপ্তানি ডাইজেষ্টৰ সৈদ্য প্ৰকাশিত তৃতীয় সংস্কৰণ এমাজ’ন গ্লবেল ছেলিং প্ৰগ্ৰামৰ মাধ্যমত ভাৰতৰ পৰা ৰপ্তানিৰ সফলতা আৰু পৰিমাণৰ ওপৰত অন্তদর্শন প্ৰদান কৰে, যি বিশ্বব্যাপী বজাৰত ভাৰতীয় সামগ্রীসমূহৰ চাহিদা বৃদ্ধি আৰু বিশ্বব্যাপী ভাৰতীয় ৰপ্তানিকাৰীসকলৰ গুৰুত্বপূৰ্ণ বিকাশৰ প্ৰতিফলন ঘটাই।