কৃষি আইনৰ বিৰুদ্ধে মঙলবাৰে ভাৰত বন্ধ…

61

ডিজিটেল ডেস্ক:- কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলে মঙলবাৰে দেশজোৰা বন্ধ ঘোষণা কৰিছে ৷ তেওঁলোকে কৈছে যে চৰকাৰখনক স্থবিৰ কৰি ৰাখিবলৈ ৰাজধানীলৈ যোৱা সকলো পথ অৱৰোধ কৰিব।

কৃষকসকলে জনাইছে যে তেওঁলোকে দেশজুৰি সকলো হাইৱে টোল গেটো বন্ধ কৰি ৰাখিব আৰু ৮ ডিচেম্বৰৰ ধর্মঘটৰ অংশ হিচাপে চৰকাৰক টোল সংগ্রহ কৰিবলৈ নিদিয়ে ৷ প্রতিবাদী দলৰ অন্যতম নেতা হৰিন্দৰ সিং লাখ’ৱালে এক সংবাদ মেল যোগে কৈছে যে, “আৰু অধিক লোকে আমাৰ আন্দোলনত যোগ দিব ।”

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে প্ৰতি মুহূৰ্ততে নতুন আইন তিনিখনক বচোৱাৰ চেষ্টা কৰি আছে আৰু কৈছে যে তেওঁলোকে কৃষকসকলক কেৱল এটাহে বিকল্প দিব কৃষিজাত সামগ্ৰীসমূহ ব্যক্তিগত ক্ৰেতাক বিক্ৰী কৰিবলৈ ৷