কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা কৃষকক সাক্ষাৎ ৰাহুল গান্ধীসহ বিৰোধী সাংসদৰ

94

কেন্দ্ৰীয় চৰকাৰে কৃষকৰ ওপৰত জাপি দিয়া তিনিখন ক’লা আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকে। সংসদ ভৱনৰ সমীপৰ যন্তৰ মন্তৰত এই আইন বাতিল কৰাৰ দাবীত ‘কিষাণ সংসদ’ অনুষ্ঠিত কৰি নিজৰ দাবীত অটল আছে কৃষক সকলে।

ইফালে সংসদৰ বৰ্ষাকালীন অধিৱেষনতো কৃষকৰ প্ৰতিবাদৰ সপক্ষত আৰু বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা পেগাছাছ কেলেংকাৰীক লৈ সৰৱ ভূমিকা লোৱা পৰিলক্ষিত হৈছে বিৰোধী দলৰ সাংসদসকলে। দুয়োখন সদনতে ইতিমধ্যে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰি বিজেপি চৰকাৰক ঘেৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে বিৰোধীয়ে।

আনহাতে কৃষকৰ প্ৰতিবাদৰ সমৰ্থনত আজি যন্তৰ মন্তৰত উপস্থিত হয় বিৰোধী নেতা-সাংসদসকল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি ১৪ বিৰোধী দলৰ সাংসদসকলে যন্তৰ মন্তৰত প্ৰতিবাদী কৃষক সকলক সাক্ষাৎ কৰি তেওঁলোকৰ আন্দোলনলৈ সমৰ্থন আগবঢ়ায়।

বিৰোধী সাংসদ সকলে প্ৰতিবাদী কৃষকসকলক সাক্ষাৎ কৰাৰ পিছতে এই বৈঠকত মিলিত হব। য’ত তেওঁলোকে কৃষি আইন বিৰোধী স্থিতি আৰু পেগাছাছ কেলেংকাৰীৰ বিৰুদ্ধে ল’বলগা ভূমিকা সন্দৰ্ভত আলোচনা কৰিব।