ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰোধিতাৰে পঞ্জাৱত অব্যাহত থকা কৃষকৰ প্ৰতিবাদ এইবাৰ সাব্যস্ত হ’ব দিল্লীৰ ৰাজঘাটত। পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং আৰু তেওঁৰ চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ নেতৃত্বত বুধবাৰে দিল্লীৰ ৰাজঘাটত প্ৰতিবাদ সাব্যস্ত কৰিব কৃষক সকলে।
দৰাচলতে কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন কৃষি আইনৰ বিৰোধিতাৰে পঞ্জাৱত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষকে। কৃষকসকলে ‘ৰে’ল অৱৰোধ’ অভিযান চলোৱাৰ দোহাই দি কেন্দ্ৰীয় চৰকাৰেও পঞ্জাৱলৈ প্ৰেৰণ কৰিবলগা জৰুৰী সামগ্ৰীৰ ৰে’লৰ চলাচল বন্ধ কৰি ৰাখিছিল। যাৰ ফলত পঞ্জাৱত বিগত কিছু দিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ সৃষ্টি হৈছিল।
আনহাতে পঞ্জাৱ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে বিধানসভাত প্ৰস্তাৱ গৃহীত কৰাৰ পিছত ৰাজ্যখনত প্ৰতিবাদ কিছু শাম কাটে। কৃষি আইন আৰু ৰাজ্যখনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি সন্দৰ্ভত মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক সাক্ষাৎ কৰি আলোচনা কৰিব বিচাৰিছিল। কিন্তু ৰাষ্ট্ৰপতিয়ে আলোচনা কৰিবলৈ অমান্তি প্ৰকাশ কৰাৰ পিছতে এতিয়া দিল্লীৰ ৰাজঘাটত প্ৰতিবাদত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পঞ্জাৱৰ কৃষক সকলে।