কৃষক নেতা ৰাকেশ টিকেইটৰ কনভয়ত আক্ৰমণ

80

কৃষক নেতা ৰাকেশ টিকেইটৰ কনভয়ত আক্ৰমণ। ৰাজস্থানৰ আলীগড়ত পঞ্চায়ত সভাত অংশ লৈ উভতাৰ পথতেই আক্ৰমণ কৃষক নেতাগৰাকীৰ কনভয়ত। বিজেপিয়ে এই আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ কৃষক নেতা ৰাকেশ টিকেইটৰ। স্থানীয় এগৰাকী বিধায়কে গুণ্ডা বাহিনী প্ৰেৰণ কৰি এই আক্ৰমণ সংঘটিত কৰা বুলি দাবী কৰিছে টিকেইট আৰু সমৰ্থকসকলে।

ইফালে কৃষক নেতা ৰাকেশ টিকেইটৰ কনভয়ত আক্ৰমণৰ ঘটনাৰ পিছতে দিল্লী-গাজীপুৰ বৰ্ডাৰত সমৰ্থকৰ তীব্ৰ প্ৰতিবাদ। ৰাজপথ অৱৰোধ কৰি আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী সমৰ্থকসকলৰ। দিল্লী গাজীপুৰ বৰ্ডাৰত তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে কেইবাসহস্ৰাধিক কৃষকে। ইতিমধ্যে আক্ৰমণৰে জড়িত থকাৰ সন্দেহত ৪ জনক আটক কৰিছে আৰক্ষীয়ে।