কৃষক আন্দোলন: লাখবীৰ সিঙৰ হত্যাৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল

88

সিংঘু বৰ্ডাৰৰ কৃষক প্ৰতিবাদস্থলীত এজন অনুসূচীত জাতিৰ ব্যক্তিক হত্যা কৰাৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে আবেদন। লাখবীৰ সিঙৰ হত্যাৰ কথা উল্লেখ কৰি আবেদনখনে দিল্লীৰ সীমাৰ পৰা প্ৰতিবাদকাৰীসকলক তাৎক্ষণিকভাৱে আঁতৰাবলৈ বিচৰা অমীমাংসিত পিআইএলৰ শুনানিৰ বাবে শীৰ্ষ ন্যায়ালয়ৰ ওচৰত আবেদন জনায়। আৱেদনখনত যুক্তি দিয়া হৈয়ে যে বাক আৰু মত প্ৰকাশৰ স্বাধীনতা জীয়াই থকাৰ অধিকাৰৰ উৰ্ধত হ’ব নোৱাৰে।

স্বাতী গোৱেল আৰু সঞ্জীৱ নিউয়াৰে অধিবক্তা শশাংক শেখৰ ঝাৰ জৰিয়তে আবেদন দাখিল কৰিছে ন্যায়ালয়ত। ইয়াত কোৱা হৈছে যে যদি এই প্ৰতিবাদ এনেদৰে চলিবলৈ দিয়া হয়, তেন্তে দেশখনবৃহৎ পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব। আৱেদনখনে কেন্দ্ৰীয় চৰকাৰক সকলো প্ৰতিবাদ বন্ধ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশ দিবলৈ আৰু মহামাৰী শেষ নোহোৱালৈকে এনে ধৰণৰ প্ৰতিবাদৰ অনুমতি নিদিবলৈ অনুৰোধ জনায়।

অধিবক্তা শশাংক শেখৰ ঝাই কয় যে স্বাতী গোৱেল আৰু সঞ্জীৱ নিউয়াৰৰ হৈ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছে। তেওঁৰ আৱেদন মাৰ্চ, 2021 ৰ পৰা উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। কেইবাটাও প্ৰচেষ্টাৰ পিছতো, এই আবেদনৰ এতিয়ালৈকে শুনানি গ্ৰহণ কৰা হোৱা নাই।

আৱেদনখনত এইটোও কোৱা হয় যে যদি কৰোনা সংকটৰ বাবে উৎসৱৰ বতৰত উদযাপন, মন্দিৰ ভ্ৰমণ, বিদ্যালয় আৰু মহাবিদ্যালয়লৈ যোৱাৰ ওপৰত নিষেধাজ্ঞা থাকে তেন্তে এনে ধৰণৰ প্ৰতিবাদৰো অনুমতি দিয়াটো সঠিক নহ’ব। প্ৰতিবাদকাৰীসকলে দেশৰ লাখ লাখ লোকৰ জীৱন বিপদাপন্ন কৰি আছে। যেতিয়া মহামাৰী চলি আছে তেতিয়া ইমান দীঘলীয়া চলাচলৰ অনুমতি দিব নোৱাৰি। ৰাজহুৱা স্থানত দীৰ্ঘদিনীয়া প্ৰতিবাদ শীৰ্ষ ন্যায়ালয়ৰ আদেশৰ উলংঘন বুলি উল্লেখ কৰা হৈছে আবেদনত।