ডিজিটেল ডেস্ক:- কৃষি আইনৰ বিৰুদ্ধে পঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা দিল্লীলৈ অহা কৃষকে প্ৰতিবাদ কৰি যোৱাৰ সময়তে এক দুৰ্ভাগ্যজনক ঘটনাই প্ৰাণ কাঢ়ি নিলে এগৰাকী মেকানিকৰ৷ কৃষকে ট্ৰেক্টৰ আৰু ট্ৰাক ভাল কৰিবলৈ লগত লৈ অহা মেকানিকৰ মৃতদেহ জ্বলন্ত অৱস্থাত এখন চাৰিচকীয়া বাহনত উদ্ধাৰ হয়৷ বাহনখনত অগ্নিকাণ্ড সংঘটিত হোৱাত নিশা ভিতৰত শুই থকা মেকানকিৰ মৃত্যু হয়৷
জানিব পৰা মতে, ৫৫ বছৰীয়া লোকজনে শনিবাৰে নিশা গাড়ীৰ ভিতৰত শুই আছিল৷ নিশা গাড়ীত অগ্নিকাণ্ড সংঘটিত হোৱাত মৃত্যুক আকোৱালি লয়৷ এই কাণ্ড দিল্লী-পঞ্জাৱ পথৰ বাহাদুৰগঢ়ত সংঘটিত হয়৷ জনক ৰাজ নামৰ মেকানিকজন কৃষকৰ সৈতে একেলগে আহিছিল৷ কংগ্ৰেছ, শিৰোমণি অকালি দল আৰু কৃষক সংগঠনসমূহে জনক ৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷
দিনৰ ভাগত কৃষকৰ আন্দোলনত অংশ লোৱা কৃষকৰ ট্ৰেক্টৰ ভাল কৰিছিল জনক ৰাজে৷ পঞ্জাৱৰ বৰনালা জিলাৰ ধনেলুৱাৰ মেকানিকজনে গভীৰ নিশা জীৱন্তে দাহ হোৱাৰ ঘটনাক সহজে লোৱা নাই প্ৰতিবাদী কৃষকে৷
