কৃত্ৰিম বান পৰিস্থিতিৰ মাজতেই মহানগৰীত আন এক ভয়ানক ঘটনা।মহানগৰীৰ হেঙেৰাবাৰীত সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলন।প্ৰতিকূল বতৰৰ বাবেই ভূমিস্খলনে দেখা দিছে মহানগৰীৰ কেইবাটাও অঞ্চলত। উল্লেখযোগ্য যে হেঙেৰাবাৰীৰ ২নং মিলন নগৰত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা।ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা খহি পৰে প্রকাণ্ড শিল। শিল পৰি গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় ৩গৰাকীকৈ লোক। আঘাতপ্রাপ্ত দুজন পুৰুষ হোৱাৰ বিপৰীতে এগৰাকী মহিলা বুলি জানিব পৰা গৈছে।তিনিওকে ইতিমধ্যেই সংকটজনক অৱস্থাত জি এম ছি এইছত ভৰ্তি কৰোৱা হয়।
