কৃত্ৰিম উপগ্ৰহৰ সৈতে এইবাৰ মহাকাশলৈ যাব মদ্ভাগৱদগীতা আৰু প্রধানমন্ত্রী মোদীৰ ছবি

63

এইবাৰ কৃত্ৰিম উপগ্ৰহৰ সৈতে মহাকাশলৈ যাব শ্ৰীমদ্ভগৱদ গীতাৰ লগতে প্রধানমন্ত্রী মোদীৰ নাম আৰু ছবি। আৰু যাব প্রায় ২৫,০০০ জন লোকৰ নামো। এইসকলোবোৰ যাব এটা নেন’চেটেলাইটত সোমাই। পূৰ্ণোদ্যমে আৰম্ভ হৈ গৈছে ইয়াৰ প্রস্তুতি। সকলো ঠিকে থাকিলে অহা ২৮ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ গৱেষণা কেন্দ্রৰপৰা PSLV-C-51 (Polar Satellite Launch Vehicle) ৰকেটৰ সহায়েৰে মহাকাশলৈ উৰা মাৰিব এই কৃত্ৰিম উপগ্ৰহ। এই কৃত্ৰিম উপগ্ৰহটোৰ নাম ৰখা হৈছে সতীশ ধাৱন চেটেলাইট বা SD SAT (Satish Dhawan Satellite/ SD SAT)। 

জানিবলৈ পোৱা অনুসৰি পূৰ্বে মহাকাশ অভিযানত বাইবেল পঠোৱা হৈছিল। এপ’ল’ ১১ লুনাৰ মডিউলত (Apollo 11 Lunar Module) বাইবেল লৈ গৈছিল এজন আমেৰিকান মহাকাশচাৰীয়ে। সেই কাৰ্যক অনুসৰণ কৰি এইবাৰ মদ্ভগৱদ্গীতা পঠোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

সৌজন্য- News ASN