ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কুলগামত বৃহস্পতিবাৰে সন্ধিয়া তিনি বিজেপি কৰ্মীক সন্ত্ৰাসবাদী গুলীয়াই হত্যা কৰাৰ পিছতে দেশৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কুলগামৰ এই ঘটনাৰ নিন্দা কৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ হ’বলৈ নিৰ্দেশ দিছে জম্মু-কাশ্মীৰ প্ৰশাসনক। আনহাতে বিৰোধী ৰাজনৈতিক দলসমূহেও ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে।
জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া কুলগামৰ কাঝিকাণ্ড ৱাই কে পৰাত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে বিজেপি কৰ্মী তিনিজনক। নিহত বিজেপি কৰ্মী কেইজনৰ দুজন ৱাই কে পৰা কাঝিকাণ্ডৰ কুলগাম যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ফিদা হুছেইন আৰু ওমৰ হাজ্জাম বুলি জানিব পৰা গৈছে। আনজন নিহত বিজেপি কৰ্মী হৈছে চপাত অঞ্চলৰ হাৰুণ বেইগ। এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-এ-তৈবাই।
