কুলগামত সেনাৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী

80

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কুলগামত ভাৰতীয় সেনাৰে সংঘৰ্ষত নিহত হয় এজন সন্ত্ৰাসবাদী। জানিব পৰা মতে, দেওবাৰে পুৱা অঞ্চলটোত সন্ত্ৰাসবাদীৰ এটা দল আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভ কৰাৰ পিছতে অঞ্চলটোত অভিযান চলায় ভাৰতীয় সেনাই।

এই অভিযানকালত সেনালৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ দলটোৱে গুলীবৰ্ষণ কৰাত সেনায়ো তাৰ প্ৰত্যুত্তৰ দিয়ে। যাৰ পিছত এজন সন্ত্ৰাসবাদী নিহত হয়। অঞ্চলটোত বৰ্তমানো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। ইফালে নিহত সন্ত্ৰাসবাদী জন লস্কৰ-এ-তৈবাৰ সদস্য আছিল বুলি জানিবলৈ দিয়ে সেনাই।