কিয় বাতিল কৰা হ’ল মহুৱা মৈত্ৰাৰ সাংসদ পদ? লোকসভা সচিবালয়লৈ জাননী উচ্চতম ন্যায়ালায়ৰ

313

সাংসদ পদ বাতিল সন্দৰ্ভত মহুৱা মৈত্ৰাই দাখিল কৰা গোচৰত উচ্চতম ন্যায়ালয়ে লোকসভা সচিবালয়লৈ জাননী প্ৰেৰণ কৰে। উচ্চতম ন্যায়ালয়ে জানিব বিচাৰিছে যে মহুৱাৰ সাংসদ পদ কিয় বাতিল কৰা হ’ল। সচিবালয়ক ৩ সপ্তাহৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ কোৱা হৈছে। ১১ মাৰ্চৰ পিছত এই গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে।

লোকসভাত কৃষ্ণনগৰ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰাৰ বিৰুদ্ধে ধনৰ বিনিময়ত প্ৰশ্নৰ অভিযোগ উত্থাপন হৈছিল। নৈতিকতা সমিতিৰ এই প্ৰস্তাৱৰ পিছতে তৃণমূল সাংসদগৰাকীক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হয়। আনকি তেওঁক নিজৰ পক্ষ ৰাখিবলৈও সংসদত সুযোগ প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়। ইয়াৰ পিছতে মহুৱাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। যোৱা মাহত মহুৱাই গোচৰৰ শীঘ্ৰে শুনানি গ্ৰহণৰ বাবেও অনুৰোধ জনাইছিল। কিন্তু সেই আবেদন নাকচ কৰা হয়। বুধবাৰে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে।

আজিৰ দিনটোতে লোকসভা সচিবালয়ৰ হৈ ছলিচিটৰ জেনেৰেলে উচ্চতম ন্যায়ালয়ত দাবী কৰে যে সংসদৰ কাৰ্য্যবিধি অধ্যক্ষৰ অধীনস্থ। ন্যায়পালিকাই ইয়াত হস্তক্ষেপ কৰিব নোৱাৰে। এই সন্দৰ্ভত আমি কোনো মন্তব্য নকৰো বুলি উচ্চতম ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে কয়। সংসদৰ কাম-কাজত ন্যায়পালিকাই কিমানখিনি হস্তক্ষেপ কৰিব পাৰে সেই লৈ সন্দেহৰ সৃষ্টি হৈছে। ইয়াৰ পিছত সংসদ সচিবালয়কে ধৰি সকলো দললৈ জাননী প্ৰেৰণ কৰা হয়। সকলো পক্ষই ৩ সপ্তাহৰ ভিতৰত সঁহাৰি দিব লাগিব। কিন্তু তেতিয়ালৈকে মহুৱাক সংসদৰ কার্যসূচীত উপস্থিত থাকিবলৈ দিয়া নহ’ল৷

একে সময়তে তৃণমূলৰ সাংসদগৰাকীয়ে চৰকাৰী বাসগৃহ ঘূৰাই পাবলৈও দাবী জনায়। অৱশ্যে তাৰ পৰা তেওঁ কোনো সকাহ নাপালে। আদালতে কয় যে বাংলোটোৰ সৈতে জড়িত এক সুকীয়া গোচৰ চলি আছে। গতিকে ইয়াত মন্তব্য কৰাটো অপ্ৰয়োজনীয়।