নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ দিছে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে। সোমবাৰে এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ নেতৃত্বই কয় যে বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ অসমীয়া জাতিক নিঃশেষ কৰিব বিচাৰিছে। চৰকাৰৰ এনে ষড়যন্ত্ৰমূলক আচৰণ কেতিয়াও মানি লোৱা নহয় আৰু ইয়াৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত পুনৰ তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে।
আনহাতে ৰাজ্যিক বিধানসভা অধিৱেশনত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা ২০২০-২১ বৰ্ষৰ লেখানুদানত অসমৰ অনুসূচিত জাতিৰ উন্নয়নৰ বাবে বিশেষ আঁচনি গ্ৰহণ নকৰাৰ অভিযোগ তুলি সংগঠনটোৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ভদ্ৰেশ্বৰ দাসে কয় যে চৰকাৰে বাৰাম্বাৰ অনুসূচীত জাতিক সম অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে। জাতিৰ স্বাৰ্থতো সংগঠনটোৱে পৰৱৰ্তী সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সংবাদ মেল মন্তব্য কৰে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই।
