শুকুৰবাৰে কাৰ্বিআংলং জিলাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে নিশা প্ৰায় ১২.৩০ বজাত এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ধনশিৰি নৈ পাৰ হ’বলৈ চেষ্টা কৰা সময়তে ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ পৰা ৮৫টা বাকচত ভৰাই অনা প্ৰায় ১ কেজি ৪০ গ্ৰাম ওজনৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰী দুজনে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা কাৰ্বি আংলঙৰ বোকাজানলৈ ড্ৰাগছ সৰবৰাহ কৰি আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
ধৃত সৰবৰাহকাৰী দুজনক এছ ভিকোটো য়েপ্টোমি আৰু হিটোহো চুমি ৱুলি চিনাক্ত কৰা হৈছে। দুয়োজন পেডলাৰ ডিমাপুৰৰ পৰা আহিছে। উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৮ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।